Genesis 50:13 — Compare Translations

1 translations compared side by side

Assamese (ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019)
তেওঁৰ পুত্ৰসকলে তেওঁক কনান দেশলৈ লৈ গ’ল আৰু মম্ৰিৰ সন্মুখত থকা মকপেলাৰ পথাৰৰ যি গুহা আছিল, তাতে মৈদাম দিলে। অব্ৰাহামে পথাৰে সৈতে সেই গুহা মৈদাম দিবৰ বাবে কিনিছিল। তেওঁ হিত্তীয়া ইফ্রোণৰ পৰা সেই ঠাই কিনি লৈছিল।