bible
ra
🌐 Language
English
Español
Français
Deutsch
Português
Italiano
Nederlands
Русский
中文
日本語
한국어
العربية
Türkçe
Tiếng Việt
ไทย
Indonesia
All Languages
Home
/
Assamese
/
Assamese (ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019)
/
1 Chronicles 2
1 Chronicles 2
Assamese (ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019)
← Chapter 1
Jump to:
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 3 →
1
ইস্ৰায়েলৰ পুত্ৰ এওঁলোক: ৰূবেণ, চিমিয়োন, লেবী, যিহূদা, ইচাখৰ, জবূলূন,
2
দান, যোচেফ, বিন্যামীন, নপ্তালী, গাদ, আৰু আচেৰ।
3
যিহূদাৰ পুত্ৰ, এৰ, ওনন, আৰু চেলা তেওঁৰ এই তিনি জন পুত্ৰ কনানীয়া চূৱাৰ জীয়েকৰ ঔৰসত জন্ম হৈছিল। তেওঁলোকৰ মাজত যিহূদাৰ ডাঙৰ পুত্ৰ এৰে যিহোৱাৰ দৃষ্টিত পাপ কৰিছিল আৰু তেওঁ তাক বধ কৰিলে।
4
যিহূদাৰ বোৱাৰীয়েক তামাৰে পেৰচ আৰু জেৰহক জন্ম দিলে। যিহূদাৰ পাঁচ জন পুত্র আছিল।
5
পেৰচৰ পুত্র হিষ্ৰোণ আৰু হামূল আছিল।
6
জেৰহৰ পাঁচ জন সন্তান: জিম্ৰী, এথন হেমন, কলকোল, আৰু দাৰা।
7
আখৰ কর্মীৰ পুত্র আছিল, তেওঁ যিহোৱাৰ উদ্দেশে সংগ্ৰহ কৰি ৰখা বস্তু চুৰ কৰি ইস্ৰায়েললৈ সংকট কঢ়িয়াই আনিছিল।
8
এথনৰ পুত্র অজৰিয়া আছিল।
9
হিষ্ৰোণৰ পুত্র যিৰহমেল, ৰাম, আৰু কলূবয় আছিল।
10
ৰামৰ পুত্র অম্মীনাদব; অম্মীনাদবৰ পুত্র নহচোন। তেওঁ যিহূদাৰ পূৰ্বপুৰুষসকলৰ অধ্যক্ষ আছিল।
11
নহচোনৰ পুত্ৰ চলমা, চলমাৰ পুত্র বোৱজ।
12
বোৱজৰ পুত্র ওবেদ, ওবেদৰ পুত্র যিচয়।
13
যিচয়ৰ জ্যেষ্ঠ পুত্ৰ ইলীয়াব, দ্বিতীয় অবীনাদব, তৃতীয় চিমিয়া,
14
চতুৰ্থ নথনেল, পঞ্চম ৰদ্দয়,
15
ষষ্ঠ ওচম, আৰু সপ্তম দায়ুদ।
16
তেওঁলোকৰ ভনীয়েক চৰূয়া আৰু অবীগল। চৰূয়াৰ পুত্ৰ তিনি জন, অবীচয়, যোৱাব, আৰু অচাহেল।
17
অবীগলৰ পুত্ৰ অমাচা, এওঁৰ পিতৃ ইশ্মায়েলীয়া যেথৰ।
18
হিষ্ৰোণৰ পুত্ৰ কালেবৰ ভাৰ্যা অজূবা আৰু যিৰীয়োত। তেওঁলোকৰ সন্তান যেচৰ, চোবব, আৰু অৰ্দোন আছিল।
19
আৰু অজূবাৰ মৃত্যুৰ পাছত কালেবে ইফ্ৰাথাক বিয়া কৰালে, আৰু তেওঁ হূৰক জন্ম হ’ল।
20
হূৰৰ পুত্র ঊৰী, আৰু ঊৰীৰ পুত্র বচলেল আছিল।
21
তাৰ পাছত হিষ্ৰোণে ষাঠি বছৰ বয়সত গিলিয়দৰ পিতৃ মাখীৰৰ জীয়েকক বিয়া কৰিলে। তেওঁ তেওঁলৈ চগূবৰক জন্ম দিলে।
22
চগূবৰ পুত্র যায়ীৰ, গিলিয়দ দেশত তেওঁ তেইশখন নগৰ শাসন কৰিছিল।
23
গচুৰ আৰু অৰামে তেওঁলোকৰ পৰা যায়ীৰ আৰু কনাৎ নগৰ, আৰু তাৰ চাৰিওফালৰ ষাঠিখন নগৰ অধিকাৰ কৰিছিল। এই সকলো বাসিন্দা গিলিয়দৰ পিতৃ মাখীৰৰ বংশধৰ আছিল।
24
হিষ্ৰোণ মৃত্যুৰ পাছত, কালেবে তেওঁৰ পিতৃৰ ভাৰ্যা ইফ্ৰাথাৰ সৈতে শয়ন কৰে। আৰু তেওঁৰ অচহূৰক জন্ম দিলে, তেওঁ তকোৱাৰ পিতৃ আছিল।
25
হিষ্ৰোণৰ প্ৰথম পুত্ৰ যিৰহমেল, যিৰহমেলৰ প্ৰথম পুত্র ৰাম, ৰামৰ পাছত বূনা, ওৰণ, ওচম, আৰু অহিয়া।
26
যিৰহমেলৰ অটাৰা নামেৰে আৰু এগৰাকী ভাৰ্যা আছিল, তেওঁ ওনমৰ মাতৃ আছিল।
27
যিৰহমেলৰ প্ৰথম পুত্র ৰাম, তেওঁৰ পুত্র মাচ, যামীন, আৰু একৰ।
28
ওনমৰ পুত্র চম্ময় আৰু যাদা, আৰু চম্ময়ৰ পুত্র নাদব আৰু অবীচূৰ।
29
অবীচূৰৰ ভাৰ্য্যাৰ নাম অবীহয়িল; তেওঁ অহবান আৰু মোলিদক জন্ম দিলে।
30
আৰু নাদবৰ পুত্র চেলদ আৰু অপ্পয়িম, কিন্তু চেলদ নি:সন্তান হৈ মৃত্যু বৰণ কৰে।
31
অপ্পয়িমৰ পুত্র যিচী, যিচীৰ পুত্র চেচন, আৰু চেচনৰ পুত্র অহলয়।
32
চম্ময়ৰ ভায়েক যাদাৰ পুত্র যেথৰ আৰু যোনাথন, যেথৰ নি:সন্তান হৈ মৃত্যু বৰণ কৰে।
33
যোনাথনৰ পুত্র পেলৎ আৰু জাজা আছিল। এওঁলোক যিৰহমেলৰ বংশধৰ আছিল।
34
চেচনৰ পুত্র নাছিল, কেৱল জীয়েক আছিল। যৰ্হা নামেৰে চেচনৰ এজন মিচৰীয়া দাস আছিল।
35
চেচনে তেওঁৰ দাস যৰ্হাই সৈতে নিজৰ জীয়েকক বিয়া দিলে; তেওঁ অত্তয়ক জন্ম দিলে।
36
অত্তয়ৰ পুত্র নাথন, নাথনৰ পুত্র জাবদ।
37
জাবদৰ পুত্র ইফলল, ইফললৰ পুত্র ওবেদ।
38
ওবেদৰ পুত্র যেহূ, যেহূৰ পুত্র অজৰিয়া।
39
অজৰিয়াৰ পুত্র হেলচ, হেলচৰ পুত্র ইলিয়াচা।
40
ইলিয়াচাৰ পুত্র চিচময়, চিচময়ৰ পুত্র চল্লুম।
41
চল্লুমৰ পুত্র যকমিয়া, আৰু যকমিয়াৰ পুত্র ইলীচামা।
42
যিৰহমেলৰ ভায়েক কালেবৰ পুত্রৰ প্ৰথম সন্তান মেচা, তেওঁ জীফৰ পিতৃ। তেওঁৰ দ্বিতীয় সন্তান মাৰেচা, তেওঁ হিব্ৰোণৰ পিতৃ আছিল।
43
হিব্ৰোণৰ পুত্র কোৰহ, তপ্পূহ, ৰেকম, আৰু চেমা।
44
চেমাৰ পুত্র ৰহম, ৰহম পুত্র যৰ্কিয়ম আৰু ৰেকমৰ পুত্র চম্ময়।
45
চম্ময়ৰ পুত্র মায়োন, আৰু মায়োনৰ পুত্র বৈৎ-চুৰ।
46
কালেবৰ উপপত্নী ঐফাই হাৰণ, মোচা, আৰু গাজেজক জন্ম দিলে। হাৰণৰ পুত্র গাজেজ।
47
যেহদৰ পুত্র ৰেগম, যোথম, গেচন, পেলট, ঐফা, আৰু চাফ।
48
কালেবৰ উপপত্নী মাখা চেবৰ আৰু তিৰ্হনাক জন্ম দিলে।
49
আৰু তেওঁ মদ্মন্না পিতৃ চাফকক আৰু মগবেনা ও গিবিয়াৰ পিতৃ চবাকক জন্ম দিলে। কালেবৰ জীয়েকৰ নাম অকচা।
50
এওঁলোক হূৰৰ সন্তান, ইফ্ৰাথাৰ পৰা জন্ম হোৱা প্ৰথম পুত্র হূৰ: কিৰিয়ৎ-যিয়াৰীমৰ পিতৃ চোবল,
51
বৈৎলেহেমৰ পিতৃ চলমা, বৈৎ-গাদেৰৰ পিতৃ হাৰেফ।
52
কিৰিয়ৎ-যিয়াৰীমৰ পিতৃ চোবলৰ বংশধৰসকল আছিল: হাৰোৱি, মানহতীয়াসকলৰ আধা ভাগ,
53
আৰু কিৰিয়ৎ-যিয়াৰীমৰ গোষ্ঠী- যিত্ৰীয়া, পুথীয়া, চূমাথীয়া, আৰু মিশ্ৰায়ীয়াসকল। এওঁলোকৰ বংশধৰ আছিল চৰায়ীয়া আৰু ইষ্টায়োলীয়াসকল।
54
তলত উল্লেখিত সকল চলমাৰ গোষ্ঠীৰ: বৈৎলেহেম, নটোফাতীয়াসকল অট্ৰোৎ-বৈৎযোৱাব, আৰু মানহতীয়াসকলৰ আধা ভাগ লোক, চৰীয়াসকল।
55
যাবেচ-নিবাসী লিখকসকলৰ গোষ্ঠী তিৰাথীয়া, চিমিয়াথীয়া, আৰু চুখাথিয়াসকল। এওঁলোক ৰেখবৰ বংশৰ আদি-পিতৃ হম্মতৰ বংশধৰ কেনীয়া লোক।
← Chapter 1
Jump to:
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 3 →
All chapters:
1
2
3
4
5
6
7
8
9
10
11
12
13
14
15
16
17
18
19
20
21
22
23
24
25
26
27
28
29