bible
ra
🌐 Language
English
Español
Français
Deutsch
Português
Italiano
Nederlands
Русский
中文
日本語
한국어
العربية
Türkçe
Tiếng Việt
ไทย
Indonesia
All Languages
Home
/
Assamese
/
Assamese (ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019)
/
Leviticus 15
Leviticus 15
Assamese (ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019)
← Chapter 14
Jump to:
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 16 →
1
যিহোৱাই মোচি আৰু হাৰোণক কোৱা কথাখিনি এইদৰে ক’লে,
2
“তোমালোকে ইস্ৰায়েলৰ সন্তান সকলক এই কথা কোৱা, ‘কোনো পুৰুষৰ শৰীৰৰ পৰা কোনো ধৰণৰ বৈ থকা সোঁচৰা ৰোগ হ’লে, সেই ৰোগৰ কাৰণে তেওঁ অশুচি হ’ব।
3
সেই ৰোগ থকাৰ বাবে তেওঁ অশুচি হৈ থাকিব। তেওঁৰ শৰীৰৰ পৰা সেই ৰোগ বৈ থাকক বা বন্ধ হওঁক, তথাপি তেওঁ অশুচি।
4
সেই ৰোগী শোৱা প্ৰত্যেক শয্যা অশুচি আৰু তেওঁ বহা প্ৰত্যেক আসনো অশুচি।
5
যিজনে তেওঁৰ শয্যা চুব, তেওঁ নিজ বস্ত্ৰ ধুব লাগিব আৰু পানীৰে গা ধুব লাগিব আৰু সন্ধ্যালৈকে অশুচি হৈ থাকিব।
6
আৰু সেই ৰোগী বহা আসনত যদি কোনোজনে বহে, তেন্তে তেওঁ নিজ বস্ত্ৰ ধুব লাগিব আৰু পানীত গা ধুব লাগিব আৰু এইদৰে তেওঁ সন্ধ্যালৈকে অশুচি হৈ থাকিব।
7
আৰু যিজনে সেই ৰোগীৰ গা চুব, তেওঁ নিজ বস্ত্ৰ ধুব লাগিব আৰু পানীত গা ধুব লাগিব আৰু এইদৰে তেওঁ সন্ধ্যালৈকে অশুচি হৈ থাকিব।
8
সেই ৰোগীয়ে যদি কোনো মানুহৰ গা’ত থুই পেলায়, তেন্তে তেওঁ নিজ বস্ত্ৰ ধুব লাগিব আৰু পানীত গা ধুব লাগিব, এইদৰে তেওঁ সন্ধ্যালৈকে অশুচি হৈ থাকিব।
9
আৰু সেই ৰোগী যিকোনো বাহনত উঠিব, সেয়ে অশুচি হ’ব।
10
আৰু যিজনে তেওঁৰ তলত থকা কোনো বস্তু চুব, তেওঁ সন্ধ্যালৈকে অশুচি হৈ থাকিব আৰু যিজনে সেই বস্তু তুলি বৈ নিব, তেওঁ নিজ বস্ত্ৰ ধুব লাগিব আৰু এইদৰে তেওঁ সন্ধ্যালৈকে অশুচি হৈ থাকিব।
11
সেই ৰোগীয়ে হাত নোধোৱাকৈ যিজনক চুব, তেওঁ নিজ বস্ত্ৰ ধুব লাগিব, পানীত গা ধুব লাগিব আৰু এইদৰে তেওঁ সন্ধ্যালৈকে অশুচি হৈ থাকিব।
12
আৰু সেই ৰোগীয়ে যি কোনো মাটিৰ পাত্ৰ চুব, তাক ভাঙি পেলাব লাগিব আৰু সকলো কাঠৰ পাত্ৰ পানীত ধুব লাগিব।
13
পাছত সেই ৰোগী যেতিয়া নিজ ৰোগৰ পৰা সুস্থ হ’ব, তেতিয়া তেওঁ নিজ শুচিৰ অৰ্থে, সাত দিন বাট চাই থাকি নিজ বস্ত্ৰ ধুব আৰু বোৱতী পানীত গা ধুব লাগিব; তেতিয়া তেওঁ শুচি হ’ব।
14
অষ্টম দিনা তেওঁ নিজৰ কাৰণে দুটা কপৌ বা দুটা পাৰ পোৱালি লৈ, সাক্ষাৎ কৰা তম্বুৰ দুৱাৰ-মুখলৈ যিহোৱাৰ আগলৈ আহি সেইবোৰ পুৰোহিতক দিব লাগিব।
15
তেতিয়া পুৰোহিতে তাৰ এটা পাপাৰ্থক বলিৰ বলি স্বৰূপে উৎসৰ্গ কৰিব; এইদৰে পুৰোহিতে তেওঁৰ সেই ৰোগৰ কাৰণে যিহোৱাৰ সন্মূখত তাক প্ৰায়শ্চিত্ত কৰিব।
16
যদি কোনো পুৰুষৰ স্বাভাৱিকভাৱে বীৰ্য্যপাত হয়, তেন্তে তেওঁ নিজৰ গোটেই শৰীৰ পানীত ধুব লাগিব আৰু সন্ধিয়ালৈকে অশুচি হৈ থাকিব।
17
আৰু যিকোনো বস্তুত বা ছালত বীৰ্য্য লাগিলে, তাক পানীত ধুব লাগিব আৰু সেয়ে সন্ধিয়ালৈকে অশুচি হৈ থাকিব।
18
আৰু কোনো পুৰুষে স্ত্রীৰ সৈতে শয়ন কৰোঁতে যদি বীৰ্য্যপাত হয়, তেওঁলোক দুয়ো পানীত গা ধুব লাগিব আৰু সন্ধিয়ালৈকে অশুচি হৈ থাকিব।
19
যেতিয়া কোনো মহিলাৰ ঋতুস্রাৱ হয়, তেতিয়া সাত দিনলৈ তেওঁ অশুচি হৈ থাকিব আৰু যিজনে তাইক চুব, সি সন্ধিয়ালৈকে অশুচি হৈ থাকিব।
20
আৰু সেই অশৌচৰ কালত তেওঁ য’ত শুব, সেই ঠাইও অশুচি হ’ব; আৰু য’ত তেওঁ বহিব, সেইবোৰো অশুচি হ’ব।
21
আৰু যিজনে তেওঁৰ শয্যা চুব; তেওঁ নিজ বস্ত্ৰ ধুব লাগিব আৰু পানীত গা ধুব লাগিব আৰু এইদৰে তেওঁ সন্ধিয়ালৈকে অশুচি হৈ থাকিব।
22
আৰু যিজনে তেওঁ বহা আসন চুব, তেওঁ নিজ বস্ত্ৰ ধুব লাগিব আৰু পানীত গা ধুব লাগিব আৰু এইদৰে তেওঁ সন্ধ্যালৈকে অশুচি হৈ থাকিব।
23
আৰু তাইৰ শয্যাৰ ওপৰত থকা কিবা বস্তু বা যিকোনো বস্তু যদি তেওঁ চোৱে তেন্তে তেওঁ সন্ধ্যালৈকে অশুচি হৈ থাকিব।
24
আৰু যদি কোনো পুৰুষে তাইৰে সৈতে শয়ন কৰে আৰু তাইৰ তেজ তেওঁৰ শৰীৰত লাগে, তেন্তে তেওঁ সাত দিনলৈ অশুচি হৈ থাকিব আৰু যিকোনো শয্যাত তেওঁ শুব, সেই শয্যাও অশুচি হ’ব।
25
আৰু মাহেকীয়া অশৌচৰ কালত ৰক্তস্ৰাৱ নহৈ, যদি অসময়ত কোনো স্ত্রী’ৰ বহু দিনলৈকে ৰক্তস্ৰাৱ হয় বা মাহেকীয়া অশৌচৰ কালত যদি অনেক দিনলৈ ৰক্তস্ৰাৱ হয়, তেন্তে মাহেকীয়া অশৌচৰ কালৰ দৰে, সেই অশুচি ৰক্তস্ৰাৱৰ সকলো দিন তাই অশুচি হৈ থাকিব; তাই অশুচি।
26
সেই ৰক্তস্ৰাৱৰ সকলো দিন যিকোনো শয্যাত তাই শুব, সেয়ে মাহেকীয়া অশৌচৰ কালৰ দৰে অশুচি হব; আৰু যিকোনো আসনৰ ওপৰত তাই বহিব সেয়ে মাহেকীয়া অশৌচৰ কালৰ অশুচিতাৰ দৰে অশুচি হ’ব।
27
আৰু যিজনে সেইবোৰ চুব, তেওঁ অশুচি হ’ব আৰু তেওঁ বস্ত্ৰ ধুই পানীত গা ধুব লাগিব আৰু এইদৰে তেওঁ সন্ধিয়ালৈকে অশুচি হৈ থাকিব।
28
পাছত সেই স্ত্রী ৰক্তস্ৰাৱৰ পৰা সুস্থ হ’লে, তাই সাত দিন থাকিব; তাৰ পাছত তাই শুচি হ’ব।
29
পাছত অষ্টম দিনা, তাই নিজৰ কাৰণে দুটা কপৌ বা দুটা পাৰ পোৱালি লৈ, সাক্ষাৎ কৰা তম্বুৰ দুৱাৰ-মুখলৈ পুৰোহিতৰ ওচৰলৈ আনিব।
30
পুৰোহিতে তাৰ এটা পাপাৰ্থক বলি স্বৰূপে আৰু আনটো হোম-বলিস্বৰূপে উৎসৰ্গ কৰিব; এইদৰে তাই অশুচি ৰক্তস্ৰাৱৰ কাৰণে পুৰোহিতে যিহোৱাৰ সন্মূখত তাইক প্ৰায়শ্চিত্ত কৰিব।
31
ইস্ৰায়েলৰ সন্তান সকলে তাৰ মাজত থকা মোৰ আৱাস অশুচি কৰি তেওঁলোকে নিজ নিজ অশৌচৰ কাৰণে নমৰিবলৈ এইদৰে তোমালোকে তেওঁলোকক নিজ নিজ অশৌচৰ পৰা পৃথক কৰিবা।
32
গা’ৰ পৰা কিবা বৈ থকা ৰোগী, বীৰ্য্যপাতৰ অশুচি হোৱা লোক,
33
ৰজস্বলা হোৱা কোনো পুৰুষ বা মহিলাৰ শৰীৰৰ পৰা যদি কোনো তৰল পদাৰ্থ বৈ থাকে, আৰু অশুচি স্ত্রী’ৰে সৈতে শয়নকাৰী পুৰুষ, এই লোকসকলৰ বাবে এই নিয়ম’।”
← Chapter 14
Jump to:
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 16 →
All chapters:
1
2
3
4
5
6
7
8
9
10
11
12
13
14
15
16
17
18
19
20
21
22
23
24
25
26
27