bible
ra
🌐 Language
English
Español
Français
Deutsch
Português
Italiano
Nederlands
Русский
中文
日本語
한국어
العربية
Türkçe
Tiếng Việt
ไทย
Indonesia
All Languages
Home
/
Assamese
/
Assamese (ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019)
/
Titus 1
Titus 1
Assamese (ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019)
Jump to:
Chapter 1
Chapter 2
Chapter 3
Chapter 2 →
1
মই পৌল, ঈশ্বৰৰ দাস আৰু যীচু খ্ৰীষ্টৰ নিযুক্ত পাঁচনি; ঈশ্বৰৰ মনোনীত লোকৰ বিশ্বাস সুদৃঢ় কৰিবলৈ আৰু ঐশ্বৰিক আচৰণৰ সত্যৰ জ্ঞান প্ৰতিষ্ঠা কৰিবলৈ মই সহায় কৰোঁ৷
2
সেই অনন্ত জীৱনৰ আশাত আমাৰ এই বিশ্বাস আৰু জ্ঞান লাভ হয়৷ অনাদি কালৰ পূৰ্বেই মিছা নোকোৱা ঈশ্বৰে এই জীৱন দিয়াৰ প্ৰতিজ্ঞা কৰিছিল৷
3
ঈশ্বৰে তেওঁৰ বাক্য ঠিক ঠিক সময়ত প্রচাৰ কৰাৰ দ্বাৰাই প্ৰকাশ কৰিলে৷ ঈশ্বৰে সেই কাৰ্যৰ ভাৰ মোৰ হাতত তুলি দিলে আৰু আমাৰ ত্ৰাণকৰ্তা ঈশ্বৰৰ আজ্ঞা অনুসাৰে মই সেই বাক্য প্ৰচাৰ কৰোঁ৷
4
সাধৰণ বিশ্বাসৰ দৰে যথার্থ পুত্ৰ তীতৰ সমীপলৈ। পিতৃ ঈশ্বৰ আৰু আমাৰ ত্ৰাণকর্তা খ্ৰীষ্ট যীচুৰ পৰা অনুগ্ৰহ, দয়া আৰু শান্তি তোমালৈ হওক।
5
অসম্পূৰ্ণ কার্যবোৰ সম্পূর্ণ কৰিবলৈ আৰু মোৰ আদেশ অনুসাৰে নগৰে নগৰে পৰিচাৰকক নিযুক্ত কৰিবলৈকো, ক্ৰীতী দ্বীপত মই তোমাক থৈ আহিলোঁ।
6
যি জন নিৰ্দোষী, এগৰাকী মহিলাৰ স্বামী, যি জনৰ সন্তান সকল বিশ্বাসী আৰু দুষ্ট বা অবাধ্য বুলি পৰিচিত নহয়, তেনে ব্যক্তিক পৰিচাৰকৰূপে গণ্য কৰিবা।
7
অধ্যক্ষকৰ বাবে এয়ে প্ৰয়োজনীয়, যিহেতু তেওঁ ঈশ্বৰৰ লোক সকলৰ পৰিচাৰক; সেয়েহে, তেওঁ নিষ্কলংক হোৱা উচিত৷ তেওঁ অহংকাৰী, অলপতে ক্ৰোধী, মদপী, প্ৰহাৰক আৰু কুচ্ছিত, লাভ বিচৰা হব নালাগে৷
8
কিন্তু অতিথি সেৱক, সাধুক প্ৰেম কৰোঁতা, বিবেচক, ন্যায় কৰোঁতা, পবিত্ৰ আৰু আত্মসংযমী হ’ব লাগে৷
9
আৰু নিৰাময় শিক্ষাত আশ্বাস দিবলৈ আৰু আপত্তি দৰ্শোৱা সকলক অনুযোগ কৰিবলৈ সমর্থ হ’বৰ কাৰণে, উপদেশৰ অনুৰূপ বিশ্বাসযোগ্য বাক্যত আসক্ত হব লাগে।
10
কিয়নো বিশেষকৈ চুন্নৎ হোৱা লোক সকলৰ মাজত অনর্থক বাক্য কওঁতা, শৃংখলাহীন, ভাণ্ডনা কৰোঁতা আৰু অনেক অবাধ্য লোক আছে৷
11
তেওঁলোকৰ মুখ বন্ধ কৰা আৱশ্যক; তেওঁলোক এনেকুৱা মানুহ যে, কুচ্ছিত লাভৰ কাৰণে তেওঁলোকে অনুচিত শিক্ষা দি কোনো কোনো পৰিয়ালৰ সকলোকে বিনষ্ট কৰে।
12
তেওঁলোকৰ এজন স্বদেশীয় ভাববাদীয়ে কৈছে, যে “ক্ৰীতীৰ মানুহবোৰ মিছলীয়া, বেয়া, হিংসুক জন্তু আৰু এলেহুৱা ভাতভাৰী।”
13
এই সাক্ষ্য সঁচা। তেওঁলোক যেন বিশ্বাসত নিৰাময় হয়, এই কাৰণে তুমি তেওঁলোকক কঠোৰ অনুযোগ কৰিবা।
14
ইহুদী সকলৰ আখ্যানবোৰত আৰু সত্যৰ পৰা বিমুখ হোৱা মানুহবোৰৰ আদেশলৈ মন দি সময়ৰ অপব্যৱহাৰ নকৰিবা৷
15
নিৰ্মল সকলৰ বাবে সকলোৱেই শুচি; কিন্তু কলুষিত আৰু অবিশ্বাসী সকলৰ বাবে একোৱেই শুচি নহয়৷ বৰং তেওঁলোকৰ মন আৰু বিবেক, এই উভয়ে কলুষিত।
16
ঈশ্বৰক জানো বুলি তেওঁলোকে মুখেৰে স্বীকাৰ কৰে, কিন্তু কার্যত অস্বীকাৰ কৰে৷ তেওঁলোক ঘিণলগীয়া, আজ্ঞা নমনা আৰু সকলো সৎ কর্মৰ বাবে অনুপযোগী।
Jump to:
Chapter 1
Chapter 2
Chapter 3
Chapter 2 →
All chapters:
1
2
3