bible
ra
🌐 Language
English
Español
Français
Deutsch
Português
Italiano
Nederlands
Русский
中文
日本語
한국어
العربية
Türkçe
Tiếng Việt
ไทย
Indonesia
All Languages
Home
/
Assamese
/
Assamese (ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019)
/
2 Samuel 1
2 Samuel 1
Assamese (ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019)
Jump to:
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 2 →
1
চৌলৰ মৃত্যুৰ পাছত, দায়ূদে অমালেকীয়া সকলক বধ কৰি ঘূৰি আহিল আৰু চিক্লগত দুদিন থাকিল।
2
পাছত তৃতীয় দিনত, চৌলৰ সেনাবাহিনীৰ ছাউনিৰ পৰা ফলা কাপোৰেৰে সৈতে এজন মানুহ আহিল; তেওঁৰ মুৰত মাটি লাগি আছিল। তেওঁ দায়ূদৰ ওচৰলৈ আহি শিৰনত হৈ প্রণাম কৰিলে।
3
তেতিয়া দায়ূদে তেওঁক সুধিলে, “তুমি ক’ৰ পৰা আহিছা?” তেওঁ উত্তৰ দি ক’লে, “মই ইস্ৰায়েলৰ সেনা ছাউনিৰ পৰা পলাই আহিছোঁ।”
4
দায়ূদে তেওঁক সুধিলে, “তাত কি হ’ল, সেই বিষয়ে মোক কোৱাচোন।” তেওঁ ক’লে, “লোকসকল যুদ্ধৰ পৰা পলাল, অনেক পতিত হ’ল। লোকসকলৰ মাজত অনেক লোক মৰিল। চৌল আৰু তেওঁৰ পুত্ৰ যোনাথনৰো মৃত্যু হ’ল।”
5
তেতিয়া দায়ূদে সেই সম্বাদ দিয়া ডেকা লোক জনক সুধিলে, “চৌল আৰু তেওঁৰ পুত্ৰ যোনাথনৰ যে মৃত্যু হ’ল, সেই বিষয়ে তুমি কেনেকৈ জানিলা?”
6
তেতিয়া সেই ডেকা লোক জনে ক’লে, “ঘটনাক্ৰমে মই গিলবোৱা পৰ্ব্বতত আছিলোঁ আৰু তাতে চৌলে বৰছাৰ ওপৰত ভৰ দি আছিল আৰু ৰথ ও অশ্বাৰোহীসকলে তেওঁৰ পাছে পাছে বৰকৈ খেদি খেদি প্রায় তেওঁৰ ওচৰ চাপি আহিছিল।
7
তেতিয়া তেওঁ ঘূৰি মোক দেখি মাতিলে। তেতিয়া মই উত্তৰ দি ক’লো, “মই ইয়াত আছোঁ৷”
8
তেওঁ মোক সুধিলে, “তুমি কোন?” মই তেওঁক ক’লো, “মই এজন অমালেকীয়া লোক।”
9
তেতিয়া তেওঁ মোক ক’লে, “মই বিনয় কৰোঁ, তুমি মোৰ ওচৰত থিয় হৈ মোক বধ কৰা কাৰণ মোক শিৰামূৰিয়ে ধৰিছে, যদিও মোত এতিয়াও প্ৰাণ আছে।”
10
তেতিয়া মই গৈ তেওঁৰ ওচৰত থিয় হৈ তেওঁক বধ কৰিলোঁ; কিয়নো তেওঁ পৰাজিত হোৱাৰ পাছত যে পুনৰ তেওঁ আৰু জীয়াই নাথাকিব, সেই বিষয়ে মই নিশ্চয়ে জানিছিলোঁ৷ এতিয়া মই তেওঁৰ মূৰৰ কিৰীটি আৰু বাহুৰ বাজু লৈ, এই ঠাইত মোৰ প্ৰভুৰ ওচৰলৈ লৈ আহিছোঁ।”
11
তেতিয়া দায়ূদে নিজ কাপোৰ ধৰি ফালিলে আৰু তেওঁৰ লগৰ আটাই লোকসকলেও সেই দৰে কৰিলে।
12
চৌল, তেওঁৰ পুত্ৰ যোনাথন আৰু যিহোৱাৰ প্ৰজা ইস্ৰায়েল বংশ তৰোৱালত পতিত হোৱাৰ বাবে তেওঁলোকে শোক কৰি কৰি কান্দিলে আৰু সন্ধ্যালৈকে লঘোনে থাকিল।
13
পাছত দায়ূদে সেই বাতৰি অনা ডেকা মানুহজনক ক’লে, “তুমি ক’ৰ মানুহ?” তেওঁ উত্তৰ দি ক’লে, “মই এজন প্রবাসী অমালেকীয়া মানুহ।”
14
দায়ূদে তেওঁক ক’লে, “তুমি যিহোৱাৰ অভিষিক্তজনক বধ কৰিবৰ অৰ্থে নিজ হাত মেলিবলৈ ভয় নকৰিলা, ই কেনে কথা?”
15
দায়ূদে ডেকাসকলৰ মাজৰ এজনক মাতি এই আজ্ঞা দি ক’লে, “তুমি ওচৰলৈ গৈ তেওঁক বধ কৰা।” গতিকে সেই লোকজনে গৈ তেওঁক প্ৰহাৰ কৰি আঘাত কৰিলে৷ তাতে সেই অমালেকীয়াজনৰ মৃত্যু হ’ল।
16
তেতিয়া দায়ূদে সেই মৃত অমালেকীয়াজনক ক’লে, “তোমাৰ ৰক্তপাতৰ দোষ তোমাৰ নিজ মূৰতেই থাকক; কিয়নো, ‘ময়েই যিহোৱাৰ অভিষিক্ত জনক বধ কৰিলোঁ’ এইবুলি তোমাৰ নিজ মুখেৰেই নিজৰ বিৰুদ্ধে সাক্ষ্য দিলা।”
17
তেতিয়া দায়ূদে চৌল আৰু তেওঁৰ পুত্ৰ যোনাথন, এই মৃতকেইজনৰ বিষয়ে বিলাপেৰে গীত গালে।
18
তেওঁ যিহূদাৰ সন্তান সকলক এই ধনুগীত শিকাবলৈ দিলে; চোৱা, যি গীত যাচেৰ পুস্তকখনিত লিখা আছে।
19
হে ইস্ৰায়েল, তোমাৰ উচ্চস্থানবোৰত ৰত্ন দুটি বধ কৰা হ’ল! হায় হায়, বীৰসকল কেনেকৈ পতিত হ’ল!
20
গাত’ত এই বিষয় প্ৰকাশ নকৰিবা, অস্কিলোনৰ বাটত এই বিষয় প্ৰচাৰ নকৰিবা; কৰিলে পলেষ্টীয়াসকলৰ জীয়ৰীসকলে আনন্দ কৰিব, অচুন্নৎসকলৰ জীয়ৰীসকলে উল্লাস কৰিব।
21
হে গিলবোৱা পৰ্ব্বত, তোমাৰ ওপৰত নিয়ৰ বা বৰষুণ নহওক, বা উত্তোলনীয় নৈবেদ্যৰ পথাৰ নহওঁক, কিয়নো সেই ঠাইত বীৰসকলৰ ঢাল পেলোৱা হ’ল। তেলেৰে অভিষিক্ত নোহোৱা চৌলৰ ঢাল পেলোৱা হ’ল৷
22
হত হোৱা লোকসকলৰ তেজ আৰু বীৰসকলৰ দেহৰ পৰা যোনাথনৰ ধনু বিমুখ নহৈছিল, চৌলৰ তৰোৱালো শুদাই ঘূৰি নাহিছিল।
23
চৌল আৰু যোনাথন, জীৱন কালত প্ৰিয় আৰু সন্তোষজনক আছিল, আৰু মৰণৰ কালতো তেওঁলোক পৃথক নহ’ল; তেওঁলোক ঈগল পক্ষীতকৈয়ো বেগী আছিল, তেওঁলোক সিংহতকৈয়ো বলৱান আছিল।
24
হে ইস্ৰায়েলৰ জীয়ৰীসকল, চৌলৰ বাবে ক্ৰন্দন কৰা, তেওঁ তোমালোকক ৰঙা বৰণীয়া বস্ত্ৰ পিন্ধাই ভূষিত কৰিছিল, তেওঁ তোমালোকৰ বস্ত্ৰৰ ওপৰত সোণৰ অলঙ্কাৰ পিন্ধাইছিল।
25
হায় হায়, যুদ্ধৰ মাজত বীৰসকল কেনেকৈ পতিত হ’ল! তোমাৰ উচ্চ স্থানবোৰত যোনাথন হত হ’ল৷
26
হে মোৰ ভাই যোনাথন, তোমাৰ বাবে মই দুখিত হৈছোঁ৷ তুমি মোলৈ অতি মৰমীয়াল আছিলা৷ নাৰীসকলৰ প্ৰেমতকৈয়ো তোমাৰ প্ৰেম মোৰ পক্ষে চমৎকাৰ আছিল।
27
হায় হায়, বীৰসকল কেনেকৈ পতিত হ’ল আৰু যুদ্ধৰ অস্ত্ৰবোৰ যুদ্ধক্ষেত্ৰত নষ্ট হ’ল!”
Jump to:
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 2 →
All chapters:
1
2
3
4
5
6
7
8
9
10
11
12
13
14
15
16
17
18
19
20
21
22
23
24