bible
ra
🌐 Language
English
Español
Français
Deutsch
Português
Italiano
Nederlands
Русский
中文
日本語
한국어
العربية
Türkçe
Tiếng Việt
ไทย
Indonesia
All Languages
Home
/
Assamese
/
Assamese (ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019)
/
2 Samuel 24
2 Samuel 24
Assamese (ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019)
← Chapter 23
Jump to:
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
1
পাছত ইস্ৰায়েলৰ বিৰুদ্ধে যিহোৱাৰ ক্ৰোধ পুনৰায় জ্বলি উঠিল আৰু তেওঁলোকৰ বিৰুদ্ধে দায়ূদৰ প্ৰবৃত্তি জন্মাই তেওঁ ক’লে, “ইস্ৰায়েল আৰু যিহূদাক গৈ গণনা কৰা”।
2
তাতে ৰজাই তেওঁৰ ওচৰত থকা প্ৰধান সেনাপতি যোৱাবক ক’লে, “মই ইস্ৰায়েলৰ লোকসকলৰ সংখ্যা জানিবৰ বাবে, তুমি দানৰে পৰা বেৰ-চেবালৈকে ইস্ৰায়েলৰ সকলো ফৈদৰ মাজত যোৱা আৰু তোমালোকে লোকসকলক গণনা কৰা।”
3
তেতিয়া যোৱাবে ৰজাক ক’লে, “এতিয়া যিমান লোক আছে, আপোনাৰ ঈশ্বৰ যিহোৱাই তাৰ এশ গুণ বৃদ্ধি কৰক আৰু মোৰ প্ৰভু মহাৰাজে তাক চকুৰে চাওক; কিন্তু মোৰ প্ৰভু মহাৰাজে এনে কাৰ্যত কিয় সন্তোষ পাইছে?”
4
তথাপি যোৱাব আৰু সেনাপতিসকলৰ আগত ৰজাৰ বাক্য প্ৰবল হ’ল; তাতে যোৱাব আৰু সেনাপতিসকলে ইস্ৰায়েলৰ লোকসকলক গণনা কৰিবলৈ ৰজাৰ আগৰ পৰা গ’ল।
5
পাছত তেওঁলোকে যৰ্দ্দন পাৰ হৈ অৰোয়েৰৰ মাজত থকা নগৰ খনৰ সোঁফালে ছাউনি পাতিলে; আৰু তেওঁলোকে গাদ ও যাজেৰলৈকে গ’ল।
6
তাৰ পাছত তেওঁলোকে গিলিয়দ আৰু দানযানলৈ গৈ ঘুৰি আহি চীদোনলৈ গ’ল।
7
তেওঁলোকে তূৰ দুৰ্গলৈ গ’ল আৰু হিব্বীয়া ও কনানীয়াসকলৰ সকলো নগৰলৈও গ’ল; আৰু শেষত তেওঁলোকে আহি যিহূদাৰ দক্ষিণ অঞ্চল বেৰ-চেবাত উপস্থিত হ’ল।
8
এইদৰে তেওঁলোকে দেশৰ সকলো ঠাইতে ফুৰি ন মাহ বিশ দিনৰ মুৰত যিৰূচালেমলৈ উভটি আহিল।
9
পাছত যোৱাবে গণনা কৰা লোকসকলৰ সংখ্যা ৰজাৰ ওচৰত আনি দিলে; তাৰ মুঠ, ইস্ৰায়েলৰ তৰোৱাল ধৰোঁতা আঠ লাখ বলৱান লোক, আৰু যিহূদাৰ পাঁচ লাখ লোক।
10
এইদৰে দায়ূদে লোকসকলক গণনা কৰোঁৱাৰ পাছত, তেওঁৰ মনে তেওঁক দোষী কৰিলে। তেতিয়া দায়ূদে যিহোৱাক ক’লে, “এই কৰ্ম কৰি মই মহা পাপ কৰিলোঁ; কিন্তু হে যিহোৱা বিনয় কৰোঁ, নিজ দাসৰ অপৰাধ ক্ষমা কৰা, কিয়নো মই অতিশয় অজ্ঞানৰ কৰ্ম কৰিলোঁ।”
11
দায়ুদ ৰাতিপুৱাতে উঠিল, দায়ূদৰ দৰ্শক গাদ ভাববাদী ওচৰলৈ যিহোৱাৰ বাক্য আহিল, বোলে,
12
“তুমি গৈ দায়ূদক কোৱা: ‘যিহোৱাই এই কথা কৈছে, মই তোমাৰ আগত তিনিটা দণ্ড ৰাখিছো; তাৰ মাজৰ এটা বাচি লোৱা, মই তাকেই তোমালৈ কৰিম’।”
13
তাতে গাদে দায়ূদৰ ওচৰলৈ গৈ তেওঁক ক’লে, “তোমাৰ দেশত সাত বছৰ আকাল হ’ব লাগে নে? বা তোমাৰ শত্ৰুবোৰ পাছে পাছে খেদি যাওঁতে, তুমি সিহঁতৰ আগে আগে তিনি মাহলৈকে পলাই থাকিবা? নাইবা দেশত তিনি দিনলৈকে মহামাৰী হ’ব? এতিয়া মোক পঠোৱা জনাক মই কি উত্তৰ দিম, তাক এতিয়াই বিবেচনা কৰি চোৱা।”
14
তাতে দায়ূদে গাদক ক’লে, “মই বৰ ঠেকত পৰিছোঁ৷ আমি যিহোৱাৰ হাতত পৰা ভাল, কিয়নো তেওঁৰ দয়া প্ৰচুৰ, কিন্তু মোক মানুহৰ হাতত পৰিবলৈ নিদিয়ক।”
15
গতিকে সেই ৰাতিপুৱাৰে পৰা নিৰূপিত সময়লৈকে যিহোৱাই ইস্ৰায়েললৈ মহামাৰী পঠিয়ালে; তাতে দানৰে পৰা বেৰ-চেবালৈকে সত্তৰ হাজাৰ লোকৰ মৃত্যু হ’ল।
16
পাছত যেতিয়া দূতে যিৰূচালেমক বিনষ্ট কৰিবলৈ তাৰ ফাললৈ হাত মেলিলে, তেতিয়া যিহোৱাই সেই আপদৰ বাবে খেদ কৰি সংহাৰক দূতক ক’লে, “এয়ে জুৰিছে! এতিয়া তোমাৰ হাত কোঁচোৱা।” সেই সময়ত যিহোৱা সেই দূত যিবুচীয়া অৰৌণাৰ মৰণা মৰা খলাৰ ওচৰত আছিল।
17
পাছত যি দূতে সংহাৰ কৰিছিল, দায়ূদে সেই দূতক দেখি যিহোৱাক ক’লে “মইহে পাপ কৰিলোঁ, মইহে অপৰাধী হলোঁ; কিন্তু এই মেৰ-ছাগবোৰে কি কৰিলে? মই বিনয় কৰোঁ, তোমাৰ হাত মোৰেই বিৰুদ্ধে আৰু মোৰ পিতৃ-বংশৰ বিৰুদ্ধে হওক!”
18
সেই দিনা গাদে দায়ূদৰ ওচৰলৈ আহি তেওঁক ক’লে, “তুমি উঠি গৈ যিবুচীয়া অৰৌণাত মৰণা মৰা খলাত যিহোৱাৰ উদ্দেশে এটা যজ্ঞবেদী স্থাপন কৰাগৈ।”
19
তাতে যিহোৱাৰ আজ্ঞা অনুসাৰে গাদৰ নিৰ্দেশ মানি দায়ুদ উঠি গ’ল।
20
পাছত অৰৌণাই চাই দেখিলে যে, তেওঁৰ ফালে ৰজা আৰু তেওঁৰ দাসবোৰ আহি আছে, তাতে অৰৌণাই আহি ৰজাৰ আগত মাটিত উবুৰি হৈ প্ৰণিপাত কৰিলে।
21
আৰু অৰৌণাই ক’লে, “মোৰ প্ৰভু মহাৰাজৰ নিজৰ দাসৰ ওচৰলৈ কি কাৰণে আহিল?” দায়ূদে ক’লে, “লোকসকলৰ মাজৰ পৰা মহামাৰী গুচিবৰ বাবে যিহোৱাৰ উদ্দেশ্যে এটা যজ্ঞবেদী নিৰ্ম্মাণ কৰিবৰ অৰ্থে মই তোমাৰ পৰা এই মৰণা মৰা খলা কিনিবলৈ আহিছোঁ।”
22
তেতিয়া অৰৌণাই দায়ূদক ক’লে, “মোৰ প্ৰভু মহাৰাজৰ দৃষ্টিত যি ভাল হয়, তাকে লৈ উৎসৰ্গ কৰক; চাওঁক, হোম-বলিৰ বাবে এই গৰুবোৰ আৰু খৰিৰ বাবে মৰণা মৰা যন্ত্ৰ আৰু গৰুবোৰৰ যুৱঁলি আছে৷
23
হে মহাৰাজ অৰৌণাই মহাৰাজক এই সকলোকে দিছে।” অৰৌণাই ৰজাক পুনৰ ক’লে, “আপোনাৰ ঈশ্বৰ যিহোৱাই আপোনাক গ্ৰহণ কৰক।”
24
ৰজাই অৰৌণাক ক’লে, “সেয়ে হ’ব নোৱাৰে, মই মূল্য দি তোমাৰ পৰা সকলো কিনিহে লম; মই নিজ ঈশ্বৰ যিহোৱাৰ উদ্দেশে বিনামূল্যে হোম-বলি উৎসৰ্গ নকৰোঁ।” এই বুলি দায়ূদে পঞ্চাশ চেকল ৰূপ দি, সেই মৰণা মৰা খলা আৰু গৰুবোৰ কিনি ল’লে।
25
আৰু দায়ূদে সেই ঠাইতে যিহোৱাৰ উদ্দেশ্যে এটা যজ্ঞবেদী নিৰ্ম্মাণ কৰি, হোম-বলি আৰু মঙ্গলাৰ্থক বলি উৎসৰ্গ কৰিলে। তাতে যিহোৱাই দেশৰ পক্ষে প্ৰাৰ্থনা শুনিলে আৰু ইস্ৰায়েলৰ পৰা মহামাৰী গুচিল।
← Chapter 23
Jump to:
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
All chapters:
1
2
3
4
5
6
7
8
9
10
11
12
13
14
15
16
17
18
19
20
21
22
23
24