bible
ra
🌐 Language
English
Español
Français
Deutsch
Português
Italiano
Nederlands
Русский
中文
日本語
한국어
العربية
Türkçe
Tiếng Việt
ไทย
Indonesia
All Languages
Home
/
Assamese
/
Assamese (ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019)
/
Numbers 18
Numbers 18
Assamese (ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019)
← Chapter 17
Jump to:
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 19 →
1
যিহোৱাই হাৰোণক ক’লে, “তুমি আৰু তোমাৰে সৈতে তোমাৰ পিতৃ-বংশই পবিত্ৰ স্থানত হোৱা অপৰাধৰ ভাৰ ববা। আৰু তুমিও তোমাৰে সৈতে তোমাৰ পুত্ৰসকলে পুৰোহিত পদত হোৱা অপৰাধৰ ভাৰ ববা।
2
আৰু তোমাৰ ভাই লেবী ফৈদ, অৰ্থাৎ তোমাৰ পিতৃ ফৈদক লগত আনিবা; তেওঁলোকে তোমাৰ লগ লৈ, তোমাৰ পৰিচৰ্যা কৰিব লাগে, কিন্তু তুমি আৰু তোমাৰে সৈতে তোমাৰ পুত্ৰসকলে সাক্ষ্য-ফলি থকা তম্বুৰ আগত থাকিবা।
3
তেওঁলোকে তোমাৰ আৰু গোটেই তম্বুৰ কৰিব লগীয়া কাৰ্য কৰিব। কিন্তু তেওঁলোক আৰু তোমালোক নমৰিবৰ বাবে, তেওঁলোক পবিত্ৰ স্থানৰ বস্তুৰ আৰু যজ্ঞবেদীৰ ওচৰলৈ নাযাব।
4
তেওঁলোকে তোমাৰ লগ লৈ সাক্ষাৎ কৰা তম্বুৰ আটাই দাস্যকৰ্মৰ সম্বন্ধে যি কৰিব লাগে, অৰ্থাৎ কৰিব লগীয়া তম্বুৰ সেই কাৰ্য কৰিব আৰু আন বংশৰ কোনো মানুহ তোমালোকৰ ওচৰ নাচাপিব।
5
ইস্ৰায়েলৰ সন্তান সকললৈ মোৰ যেন আৰু ক্ৰোধ নহয়, এই কাৰণে তোমালোকে পবিত্ৰ স্থানৰ আৰু যজ্ঞবেদীৰ কৰিব লগীয়া কাৰ্য কৰিবা।
6
আৰু চোৱা, মই ময়েই তোমালোকৰ ভাই লেবীয়াসকলক ইস্ৰায়েলৰ সন্তান সকলৰ মাজৰ পৰা গ্ৰহণ কৰিলোঁ। সাক্ষাৎ কৰা তম্বুৰ সেৱাকৰ্ম কৰিবৰ অৰ্থে, যিহোৱাৰ উদ্দেশ্যে তেওঁলোকক তোমালোকলৈ দান দিয়া হ’ল।
7
এই হেতুকে তুমি আৰু তোমাৰে সৈতে তোমাৰ পুত্ৰসকলে যজ্ঞবেদী সম্বন্ধীয় সকলো বিষয়ত আৰু প্ৰভেদক বস্ত্ৰৰ ভিতৰৰ সকলো বিষয়ত নিজ নিজ পুৰোহিত পদৰ কৰিবলগীয়া কাৰ্য কৰিবা, তোমালোকে নিজেই সেৱাকৰ্ম সকলো কাম সমাধা কৰিবা, মই দান স্বৰূপেই পুৰোহিত পদৰ কাৰ্য তোমালোকক দিলোঁ। কিন্তু আন বংশৰ যি কোনো লোক ওচৰ চাপিলে, তেওঁৰ প্ৰাণদণ্ড হ’ব।”
8
পাছত যিহোৱাই হাৰোণক ক’লে, “চোৱা, মোৰ উত্তোলনীয় নৈবেদ্য অৰ্থাৎ ইস্ৰায়েলৰ সন্তানসকলৰ সকলো পবিত্ৰীকৃত বস্তুৰ মাজৰ পৰা অনা মোৰ উত্তোলনীয় নৈবেদ্যবোৰ পৰিচালনা কৰিবলৈ দিলোঁ। মই তোমাক আৰু তোমাৰ পুত্ৰসকলক এক অংশ স্বৰূপে সেই সকলোকে তোমালোকক দিলোঁ তোমালোকে সেইবোৰ পাবলৈ চিৰস্থায়ী বিধি হ’ব।
9
অগ্নিত নিদিয়াকৈ ৰখা অতি পবিত্ৰ বস্তুৰ মাজৰ এই আটাইবোৰ তোমাৰ হ’ব। মোৰ উদ্দেশ্যে অনা তেওঁলোকৰ প্ৰত্যেক ভক্ষ্য নৈবেদ্য, প্ৰত্যেক পাপাৰ্থক বলি আৰু প্ৰত্যেক দোষাৰ্থক বলি, এই সকলো অতি পবিত্র উপহাৰ তোমাৰ আৰু তোমাৰ পুত্ৰসকলৰ বাবে হ’ব।
10
সেইবোৰ মোৰ বাবে সংৰক্ষিত অতি পবিত্ৰ বস্তু, তোমালোকে এইবোৰ নিশ্চয় খাবা। প্ৰতিজন পুৰুষে সেইবোৰ নিশ্চয় খাব লাগিব। সেইবোৰ মোৰ বাবে সংৰক্ষিত তোমাৰ পক্ষে পবিত্ৰ হ’ব।
11
আৰু এইবোৰ তোমাৰ হ’ব: অৰ্থাৎ ইস্ৰায়েলৰ সন্তান সকলে দান দিয়া সকলো উত্তোলনীয় নৈবেদ্য আৰু তেওঁলোকৰ সকলো দোলনীয় নৈবেদ্য; চিৰকালৰ অধিকাৰৰ অৰ্থে মই তোমাৰ আৰু তোমাৰে সৈতে তোমাৰ পো-জীসকলক সেইবোৰ দিলোঁ; তোমাৰ বংশৰ সকলো শুচি লোকে সেইবোৰ ভোজন কৰিব পাৰিব।
12
তেওঁলোকে সকলো উত্তম তেল, উত্তম দ্ৰাক্ষা ৰস আৰু শস্য আদিৰ যি যি আগভাগ যিহোৱাৰ উদ্দেশ্যে দিব, সেইবোৰ মই তোমাক দিলোঁ।
13
তেওঁলোকৰ ভূমিত উৎপন্ন হোৱা ফল আদিৰ প্ৰথমে পকা যি ভাগ তেওঁলোকে যিহোৱাৰ উদ্দেশ্যে আনিব, সেয়ো তোমাৰেই হ’ব। তোমাৰ বংশৰ সকলো শুচিলোকে তাক ভোজন কৰিব পাৰিব।
14
ইস্ৰায়েলৰ মাজত বৰ্জিত কৰি দিয়া সকলো বস্তু তোমাৰেই হ’ব।
15
মানুহেই হওঁক বা পশুৱেই হওঁক, সকলো প্ৰাণীৰ মাজত গৰ্ভভেদ কৰি প্ৰথমে ওলোৱা যিবোৰক তেওঁলোকে যিহোৱাৰ অৰ্থে আগদান কৰিব, সেই সকলো তোমাৰেই হ’ব। কিন্তু মানুহৰ প্ৰথমে জন্মাক তুমি অৱশ্যে মোকলাই দিবা, আৰু অশুচি পশুৰ প্ৰথমে জন্মাকো তুমি মোকলাই দিবা।
16
সেইবোৰৰ মাজৰ এমাহ বয়সৰে পৰা মোকলাই দিব লগা প্ৰতিজনক পবিত্ৰ স্থানৰ চেকল অনুসাৰে, তুমি নিৰূপণ কৰাৰ দৰে পাঁচ চেকল ৰূপলৈ মোকলাই দিবা; সেয়ে বিশ গেৰাই এক চেকল হয়।
17
কিন্তু গৰুৰ বা মেৰ-ছাগৰ বা ছাগলীৰ প্ৰথমে জন্মাক তুমি মোকলাই নিদিবা। সেইবোৰ পবিত্ৰ আৰু মোৰ উদ্দেশ্যে পৃথকে ৰখা হ’ল। তুমি যজ্ঞবেদীৰ ওপৰত সেইবোৰৰ তেজ ছটিয়াবা আৰু যিহোৱাৰ উদ্দেশ্যে সুঘ্ৰাণৰ অৰ্থে অগ্নিকৃত উপহাৰৰ কাৰণে সেইবোৰৰ তেল দগ্ধ কৰিবা।
18
সেইবোৰৰ মঙহ তোমাৰ হ’ব; দোলনীয় নৈবেদ্যৰ অৰ্থে দিয়া আমঠু আৰু সোঁ পাছ পিৰাটো যেনেকৈ তোমাৰ হয়, তেনেকৈ সেইবোৰৰ মঙহো তোমাৰ হ’ব।
19
ইস্ৰায়েলৰ সন্তান সকলে যিহোৱাৰ উদ্দেশ্যে উৎসৰ্গ কৰা পবিত্ৰ বস্তুৰ মাজৰ আটাই উত্তোলনীয় নৈবেদ্য তোমাক আৰু তোমাৰে সৈতে তোমাৰ পো-জীসকলক চিৰ কালৰ অধিকাৰৰ অৰ্থে দিলোঁ; তোমাৰ আৰু তোমাৰ সৈতে তোমাৰ বংশৰ পক্ষে এয়ে যিহোৱাৰ সাক্ষাতে লোণৰ চিৰস্থায়ী নিয়মৰ চিন হ’ব।”
20
পাছত যিহোৱাই হাৰোণক ক’লে, “ইস্রায়েলৰ সন্তান সকলৰ মাটিত তোমাৰ কোনো অধিকাৰ নাথাকিব, আৰু তেওঁলোকৰ মাজত তুমি কোনো ভাগ নাপাবা; ইস্ৰায়েলৰ সন্তানসকলৰ মাজত তোমাৰ ভাগ আৰু উত্তৰাধিককাৰ ময়েই।
21
আৰু চোৱা, লেবীৰ সন্তানসকলে কৰা দাস্যকৰ্মৰ, সাক্ষাৎ কৰা তম্বুৰ কাৰ্যৰ বেচ স্বৰূপে মই তেওঁলোকৰ উত্তৰাধিকাৰৰ অৰ্থে ইস্ৰায়েলৰ মাজৰ আটাই দশম ভাগ দিলোঁ।
22
আৰু ইস্ৰায়েলৰ সন্তানসকলে পাপ বৈ যেন নমৰে এই কাৰণে এতিয়াৰ পৰা তেওঁলোকে সাক্ষাৎ কৰা তম্বুৰ ওচৰ চাপিব নালাগে।
23
কিন্তু লেবীয়াসকলেই সাক্ষাৎ কৰা তম্বুৰ সেৱাকৰ্ম কৰিব, আৰু তেওঁলোকে সেই বিষয়ে কোনো পাপৰ ভাৰ ব’ব; এয়ে তোমালোকৰ পুৰুষানুক্ৰমে পালন কৰিবলগীয়া চিৰস্থায়ী বিধি; আৰু ইস্ৰায়েলৰ সন্তানসকলৰ মাজত তেওঁলোকে কোনো অধিকাৰ নাপাব।
24
কিয়নো ইস্ৰায়েলৰ সন্তানসকলে যিহোৱাৰ উদ্দেশ্যে উত্তোলনীয় উপহাৰ স্বৰূপে যি দশম ভাগ উৎসৰ্গ কৰিব, তাকে মই লেবীয়াসকলৰ উত্তৰাধীকাৰ স্ৱৰূপে দিলোঁ; এই কাৰণে মই তেওঁলোকক ক’লোঁ, ‘ইস্ৰায়েলৰ সন্তানসকলৰ মাজত তেওঁলোকে কোনো অধিকাৰ নাপাব’।”
25
পাছত যিহোৱাই মোচিক কলে,
26
“তুমি লেবীয়াসকলক এই আজ্ঞা দি কোৱা, ‘তোমালোকক উত্তৰাধিকাৰৰ অৰ্থে ইস্ৰায়েলৰ সন্তানসকলৰ পৰা যি দশম ভাগ যিহোৱাই দিলে, তাক যেতিয়া তোমালোকে ইস্ৰায়েলৰ সন্তানসকলৰ পৰা গ্ৰহণ কৰিবা, তেতিয়া তোমালোকে যিহোৱাৰ উদ্দেশ্যে উত্তোলনীয় উপহাৰ স্বৰূপে সেই দশম ভাগৰো দশম ভাগ উৎসৰ্গ কৰিবা।
27
তোমালোকে সেই উপহাৰ মৰণা মৰা ঠাইৰ শস্য আৰু কুণ্ড পূৰ কৰা দ্ৰাক্ষাৰস যেন বুলি তোমালোকৰ পক্ষে গণিত হ’ব।
28
তোমালোকে ইস্ৰায়েলৰ সন্তান সকলৰ পৰা যি দশম ভাগ গ্ৰহণ কৰিবা, তাৰ পৰা তোমালোকেও এইদৰে যিহোৱাৰ উদ্দেশ্যে উত্তোলনীয় উপহাৰ উৎসৰ্গ কৰিবা; তাৰ পৰা যিহোৱাৰ উদ্দেশ্যে দিয়া সেই উত্তোলনীয় উপহাৰ তোমালোকে হাৰোণ পুৰোহিতক দিবা।
29
যিহোৱাই পাব লগা এই সকলো উত্তোলনীয় উপহাৰ তোমালোকে লোৱা দানৰ পৰাই উৎসৰ্গ কৰিবা, অৰ্থাৎ তাৰ সকলো উত্তম ভাগৰ পৰা পবিত্ৰীকৃত ভাগ উৎসৰ্গ কৰিবা’।
30
এই হেতুকে তুমি তেওঁলোকক কোৱা, ‘তোমালোকে যেতিয়া তাৰ পৰা উত্তম ভাগ উত্তোলনীয় উপহাৰ স্বৰূপে উৎসৰ্গ কৰিবা, তেতিয়া সেয়ে লেবীয়াসকলৰ পক্ষে মৰণা মৰা ঠাইত মৰা শস্য আৰু কুণ্ডৰ পৰা উলিওৱা দ্ৰাক্ষাৰস যেন গণিত হ’ব।
31
তোমালোকে আৰু তোমালোকৰ পৰিয়ালসকলে যি কোনো ঠাইত তাক ভোজন কৰিব পাৰিবা, কিয়নো সেয়ে সাক্ষাৎ কৰা তম্বুত কৰা তোমালোকৰ কাৰ্যৰ কাৰণে তোমালোকৰ বেচ স্বৰূপ হ’ব।
32
আৰু তাৰ পৰা তাৰ উত্তম ভাগ উত্তোলনীয় উপহাৰস্বৰূপে উৎসৰ্গ কৰিলে, তাৰ কাৰণে পাপৰ ভাৰ নববা, আৰু নিজৰ মৃত্যু নহবলৈ সেই বিষয়ে ইস্ৰায়েলৰ সন্তান সকলৰ পবিত্ৰ বস্তু অপবিত্ৰ নকৰিবা’।”
← Chapter 17
Jump to:
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 19 →
All chapters:
1
2
3
4
5
6
7
8
9
10
11
12
13
14
15
16
17
18
19
20
21
22
23
24
25
26
27
28
29
30
31
32
33
34
35
36