bible
ra
🌐 Language
English
Español
Français
Deutsch
Português
Italiano
Nederlands
Русский
中文
日本語
한국어
العربية
Türkçe
Tiếng Việt
ไทย
Indonesia
All Languages
Home
/
Assamese
/
Assamese (ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019)
/
Numbers 7
Numbers 7
Assamese (ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019)
← Chapter 6
Jump to:
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 8 →
1
পাছত যি দিনা মোচিয়ে আবাস স্থাপন কৰি সমপন্ন কৰিলে, তেতিয়া তেওঁ সেই আবাস আৰু তাৰ সকলো বস্তু যিহোৱাৰ বাবে অভিষেক আৰু পবিত্ৰ কৰিলে। তেওঁ যজ্ঞবেদী আৰু তাৰ সকলো বস্তু, সকলোকে সঁজুলি অভিষেক আৰু পবিত্ৰ কৰিলে।
2
সেই দিনা ইস্ৰায়েলৰ অধ্যক্ষসকল, তেওঁলোকৰ পিতৃ-বংশৰ মুখিয়ালসকলে নিজ নিজ উপহাৰ দান কৰিলে। তেওঁলোক ফৈদবোৰৰ অধ্যক্ষ আছিল। তেওঁলোক যুদ্ধৰ বাবে গণিত লোকসকলৰ ওপৰত নিযুক্ত হৈছিল।
3
তেওঁলোকে যিহোৱাৰ সন্মুখত তেওঁৰ উদ্দেশ্যে নিজ নিজ উপহাৰ স্বৰূপে ঢাকনি থকা ছখন গাড়ী আৰু বাৰটা ষাঁড়-গৰু আনিলে। তেওঁলোকে দুজন দুজন অধ্যক্ষলৈ এখন এখন গাড়ী, আৰু প্ৰতিজনৰ কাৰণে এটা এটা ষাঁড়-গৰু আনি আবাসৰ আগত উপস্থিত কৰিলে।
4
তেতিয়া যিহোৱাই মোচিক কলে,
5
“সাক্ষাৎ কৰা তম্বুৰ কামত ব্যৱহাৰ কৰাৰ কাৰণে, তুমি তেওঁলোকৰ পৰা উপহাৰবোৰ লোৱা। তুমি সেই সকলোকে লেবীয়াসকলক দিবা, অৰ্থাৎ তেওঁলোকৰ প্রতিজনকে নিজ নিজ কাৰ্য অনুসাৰে দিবা।”
6
পাছত মোচিয়ে সেই সকলো গাড়ী আৰু ষাঁড়-গৰুবোৰ লৈ লেবীয়াসকলক দিলে।
7
গেৰ্চোনৰ সন্তান সকলক তেওঁলোকৰ কাৰ্যৰ প্রয়োজন অনুসাৰে দুখন গাড়ী আৰু চাৰিটা ষাঁড়-গৰু দিলে।
8
তেওঁ মৰাৰীৰ সন্তান সকলক চাৰিখন গাড়ী আৰু আঠটা ষাঁড়-গৰু হাৰোণ পুৰোহিতৰ পুত্ৰ ঈথামৰৰ দায়িত্বত দিলে। তেওঁলোকৰ কাৰ্যৰ প্রয়োজন অনুসাৰে মোচিয়ে এনে কৰিলে।
9
কিন্তু কহাতৰ সন্তান সকলক মোচিয়ে একোকে নিদিলে, কিয়নো পবিত্ৰ স্থানৰ বস্তুবোৰৰ ভাৰ হে তেওঁলোকৰ ওপৰত আছিল আৰু তেওঁলোকৰ প্রয়োজনীয়া বস্তুবোৰ তেওঁলোকে কান্ধতকৈ ভাৰ বব লগীয়া।
10
মোচিয়ে যজ্ঞবেদী অভিষেক কৰা দিনা, অধ্যক্ষসকলে তাৰ প্ৰতিষ্ঠাৰ অৰ্থে উপহাৰ আনিলে আৰু নিজ নিজ উপহাৰ যজ্ঞবেদীৰ আগত উপস্থিত কৰিলে।
11
তেতিয়া যিহোৱাই মোচিক কলে, “প্রতিজন অধ্যক্ষই এদিন যজ্ঞবেদীৰ প্ৰতিষ্ঠাৰ অৰ্থে নিজ নিজ উপহাৰ আনিব লাগিব।”
12
তেতিয়া প্ৰথম দিনা যিহূদা ফৈদৰ অম্মীনাদবৰ পুত্ৰ নহচোনে নিজৰ উপহাৰ আনিলে।
13
তেওঁৰ উপহাৰ পবিত্ৰ স্থানৰ চেকল অনুসাৰে এশ ত্ৰিশ চেকল জোখৰ ৰূপৰ এখন থাল, আৰু সত্তৰ চেকল জোখ ৰূপৰ এটা বাটি আছিল। এই দুটা পাত্ৰ ভক্ষ্য নৈবেদ্যৰ অৰ্থে তেল মিহলোৱা মিহি আটাগুড়িৰে ভৰা আছিল।
14
তেওঁ ধূপেৰে পূৰ হোৱা দহ চেকল জোখ সোণৰ এটা পিয়লাও দান কৰিছিল।
15
নহচোনে হোমৰ অৰ্থে এটা দমৰা ষাঁড়-গৰু, এটা মতা মেৰ-ছাগ দিছিল।
16
তেওঁ পাপাৰ্থক বলিৰ কাৰণে এটা এবছৰীয়া মতা ছাগলী পোৱালি দিছিল।
17
আৰু মঙ্গলাৰ্থক বলিৰ কাৰণে দুটা ষাঁড়-গৰু, পাঁচটা মতা মেৰ-ছাগ, পাঁচটা মতা ছাগলী আৰু পাঁচোটা এবছৰীয়া মতা মেৰ পোৱালি দিছিল। এয়ে অম্মীনাদবৰ পুত্ৰ নহচোনৰ উপহাৰ।
18
দ্বিতীয় দিনা, ইচাখৰৰ অধ্যক্ষ চূৱাৰৰ পুত্ৰ নথনেলে উপহাৰ আনিলে।
19
তেওঁ অনা উপহাৰ পবিত্ৰ স্থানৰ চেকল অনুসাৰে এশ ত্ৰিশ চেকলজোখৰ ৰূপৰ এখন থাল, আৰু সত্তৰ চেকল জোখৰ ৰূপৰ এটা বাটি আছিল। এই দুটা পাত্ৰ ভক্ষ্য নৈবেদ্যৰ অৰ্থে তেল মিহলোৱা মিহি আটাগুড়িৰে ভৰা আছিল।
20
তেওঁ ধূপেৰে পূৰ হৈ থকা দহ চেকল জোখৰ সোণৰ এটা পিয়লাও দান কৰিছিল।
21
নথনেলে হোমৰ অৰ্থে এটা দমৰা ষাঁড়-গৰু, এটা মতা মেৰ-ছাগ আৰু এটা এবছৰীয়া মতা মেৰ পোৱালি আনিছিল।
22
তেওঁ পাপাৰ্থক বলিৰ কাৰণে এটা মতা ছাগলী আনিছিল।
23
মঙ্গলাৰ্থক বলিৰ কাৰণে তেওঁ দুটা ষাঁড়-গৰু, পাঁচটা মতা মেৰ-ছাগ, পাঁচটা মতা ছাগলী আৰু পাঁচটা এবছৰীয়া মতা মেৰ পোৱালি আনিছিল। এয়ে আছিল চূৱাৰৰ পুত্ৰ নথনেলৰ উপহাৰ।
24
তৃতীয় দিনা, জবূলূনৰ সন্তান সকলৰ অধ্যক্ষ হেলোনৰ পুত্ৰ ইলীয়াবে উপহাৰ আনিলে।
25
তেওঁ উপহাৰ হিচাপে পবিত্ৰ স্থানৰ চেকল অনুসাৰে এশ ত্ৰিশ চেকল জোখ ৰূপৰ এখন থাল আৰু সত্তৰ চেকল জোখৰ ৰূপৰ এটা বাটি আনিলে। এই দুই পাত্ৰ ভক্ষ্য নৈবেদ্যৰ অৰ্থে তেল মিহলোৱা মিহি আটাগুড়িৰে ভৰা আছিল;
26
তেওঁ ধূপেৰে পূৰ হৈ থকা দহ চেকল জোখৰ সোণৰ এটা পিয়লাও আনিছিল।
27
তেওঁ হোমৰ অৰ্থে এটা দমৰা ষাঁড়-গৰু, এটা মতা মেৰ-ছাগ আৰু এটা এবছৰীয়া মতা মেৰ পোৱালি আনিছিল।
28
পাপাৰ্থক বলিৰ কাৰণে তেওঁ এটা মতা ছাগলী আনিছিল;
29
আৰু মঙ্গলাৰ্থক বলিৰ কাৰণে তেওঁ দুটা ষাঁড়-গৰু, পাঁচটা মতা মেৰ-ছাগ, পাঁচটা মতা ছাগলী আৰু পাঁচটা এবছৰীয়া মতা মেৰ পোৱালি আনিছিল। এয়ে আছিল হেলোনৰ পুত্ৰ ইলীয়াবৰ উপহাৰ।
30
চতুৰ্থ দিনা, ৰূবেণৰ সন্তান সকলৰ অধ্যক্ষ চদেয়ূৰৰ পুত্ৰ ইলীচূৰে উপহাৰ আনিলে।
31
তেওঁ উপহাৰ হিচাপে পবিত্ৰ স্থানৰ চেকল অনুসাৰে এশ ত্ৰিশ চেকল জোখৰ ৰূপৰ এখন থাল আৰু সত্তৰ চেকল জোখৰ ৰূপৰ এটা বাটি আনিছিল। এই দুটা পাত্ৰ ভক্ষ্য নৈবেদ্যৰ অৰ্থে তেল মিহলোৱা মিহি আটাগুড়িৰে ভৰা আছিল;
32
তেওঁ ধূপেৰে পূৰ হৈ থকা দহ চেকল জোখৰ সোণৰ এটা পিয়লাও আনিছিল।
33
তেওঁ হোমৰ অৰ্থে এটা দমৰা ষাঁড়-গৰু, এটা মতা মেৰ-ছাগ আৰু এটা এবছৰীয়া মতা মেৰ পোৱালি আনিছিল;
34
আৰু পাপাৰ্থক বলিৰ বাবে এটা মতা ছাগলী আনিছিল।
35
ইলীচূৰে মঙ্গলাৰ্থক বলিৰ কাৰণে দুটা ষাঁড়-গৰু, পাঁচটা মতা মেৰ-ছাগ, পাঁচটা মতা ছাগলী আৰু পাঁচটা এবছৰীয়া মতা মেৰ পোৱালি আনিছিল। এয়ে আছিল চদেয়ূৰৰ পুত্ৰ ইলীচূৰৰ উপহাৰ।
36
পঞ্চম দিনা চিমিয়োনৰ সন্তান সকলৰ অধ্যক্ষ চূৰীচদ্দয়ৰ পুত্ৰ চলমীয়েলে উপহাৰ আনিলে।
37
তেওঁ উপহাৰ হিচাপে পবিত্ৰ স্থানৰ চেকল অনুসাৰে এশ ত্ৰিশ চেকল জোখৰ ৰূপৰ এখন থাল, আৰু সত্তৰ চেকল জোখ ৰূপৰ এটা বাটি আনিছিল। এই দুটা পাত্ৰ ভক্ষ্য নৈবেদ্যৰ অৰ্থে তেল মিহলোৱা মিহি আটাগুড়িৰে ভৰা আছিল;
38
আৰু ধূপেৰে পূৰ হৈ থকা দহ চেকল জোখৰ সোণৰ এটা পিয়লাও আনিছিল;
39
তেওঁ হোম বলিৰ অৰ্থে এটা দমৰা ষাঁড়-গৰু, এটা মতা মেৰ-ছাগ আৰু এটা এবছৰীয়া মতা মেৰ পোৱালি আনিছিল;
40
আৰু পাপাৰ্থক বলিৰ বাবে এটা মতা ছাগলী।
41
তেওঁ মঙ্গলাৰ্থক বলিৰ কাৰণে দুটা ষাঁড়-গৰু, পাঁচটা মতা মেৰ-ছাগ, পাঁচটা মতা ছাগলী আৰু পাঁচটা এবছৰীয়া মতা মেৰ পোৱালি আনিছিল। এয়ে আছিল চূৰীচদ্দয়ৰ পুত্ৰ চলমীয়েলৰ উপহাৰ।
42
ষষ্ঠ দিনা, গাদৰ সন্তান সকলৰ অধ্যক্ষ দুৱেলৰ পুত্ৰ ইলিয়াচফে উপহাৰ আনিলে।
43
তেওঁ উপহাৰ হিচাপে পবিত্ৰ স্থানৰ চেকল অনুসাৰে এশ ত্ৰিশ চেকল জোখৰ ৰূপৰ এখন থাল, আৰু সত্তৰ চেকল জোখৰ এটা বাটি আনিছিল। এই দুটা পাত্ৰ ভক্ষ্য নৈবেদ্যৰ অৰ্থে তেল মিহলোৱা মিহি আটাগুড়িৰে ভৰা আছিল;
44
তেওঁ ধূপেৰে পূৰ হৈ থকা দহ চেকল জোখৰ এটা সোণৰ পিয়লাও আনিছিল।
45
তেওঁ হোম বলিৰ অৰ্থে এটা দমৰা ষাঁড়-গৰু, এটা মতা মেৰ-ছাগ আৰু এটা এবছৰীয়া মতা মেৰ পোৱালি আনিছিল।
46
আৰু পাপাৰ্থক বলিৰ কাৰণে এটা মতা ছাগলী;
47
তেওঁ মঙ্গলাৰ্থক বলিৰ কাৰণে দুটা ষাঁড়-গৰু, পাঁচটা মতা মেৰ-ছাগ, পাঁচটা মতা ছাগলী আৰু পাঁচটা এবছৰীয়া মতা মেৰ পোৱালি আনিছিল। এয়ে আছিল দুৱেলৰ পুত্ৰ ইলিয়াচফৰ উপহাৰ।
48
সপ্তম দিনা, ইফ্ৰয়িমৰ সন্তান সকলৰ অধ্যক্ষ অম্মীহূদৰ পুত্ৰ ইলীচামাই উপহাৰ আনিলে।
49
তেওঁ উপহাৰ হিচাপে পবিত্ৰ স্থানৰ চেকল অনুসাৰে এশ ত্ৰিশ চেকল জোখ ৰূপৰ এখন থাল, আৰু সত্তৰ চেকল জোখ ৰূপৰ এটা বাটি আনিছিল। এই দুটা পাত্ৰ ভক্ষ্য নৈবেদ্যৰ অৰ্থে তেল মিহলোৱা মিহি আটাগুড়িৰে ভৰা আছিল;
50
তেওঁ ধূপেৰে পূৰ হৈ থকা দহ চেকল জোখৰ সোণৰ এটা পিয়লাও আনিছিল।
51
তেওঁ হোম বলিৰ অৰ্থে এটা দমৰা ষাঁড়-গৰু, এটা মতা মেৰ-ছাগ আৰু এটা এবছৰীয়া মতা মেৰ পোৱালি আনিছিল।
52
তেওঁ পাপাৰ্থক বলিৰ কাৰণে এটা মতা ছাগলী আনিছিল;
53
আৰু মঙ্গলাৰ্থক বলিৰ কাৰণে দুটা ষাঁড়-গৰু, পাঁচটা মতা মেৰ-ছাগ, পাঁচটা মতা ছাগলী আৰু পাঁচটা এবছৰীয়া মতা মেৰ পোৱালি আনিছিল। এয়ে আছিল অম্মীহূদৰ পুত্ৰ ইলীচামাৰ উপহাৰ।
54
অষ্টম দিনা, মনচিৰ সন্তান সকলৰ অধ্যক্ষ পদাচূৰৰ পুত্ৰ গম্লীয়েলে উপহাৰ আনিলে।
55
তেওঁ উপহাৰ হিচাপে পবিত্ৰ স্থানৰ চেকল অনুসাৰে এশ ত্ৰিশ চেকল জোখৰ ৰূপৰ এখন থাল, আৰু সত্তৰ চেকল জোখৰ ৰূপৰ এটা বাটি আনিছিল; এই দুটা পাত্ৰ ভক্ষ্য নৈবেদ্যৰ অৰ্থে তেল মিহলোৱা মিহি আটাগুড়িৰে ভৰা আছিল।
56
তেওঁ ধূপেৰে পূৰ হৈ থকা দহ চেকল জোখৰ সোণৰ এটা পিয়লাও আনিছিল।
57
তেওঁ হোম বলিৰ অৰ্থে এটা দমৰা ষাঁড়-গৰু, এটা মতা মেৰ-ছাগ আৰু এটা এবছৰীয়া মতা মেৰ পোৱালি আনিছিল;
58
আৰু পাপাৰ্থক বলিৰ কাৰণে এটা মতা ছাগলী।
59
তেওঁ মঙ্গলাৰ্থক বলিৰ কাৰণে দুটা ষাঁড়-গৰু, পাঁচটা মতা, পাঁচটা মতা ছাগলী আৰু পাঁচটা এবছৰীয়া মতা মেৰ পোৱালি আনিছিল। এয়ে আছিল পদাচূৰৰ পুত্ৰ গম্লীয়েলৰ উপহাৰ।
60
নৱম দিনা, বিন্যামীনৰ সন্তান সকলৰ অধ্যক্ষ গিদিয়োনীৰ পুত্ৰ অবীদানে উপহাৰ আনিলে।
61
তেওঁ উপহাৰ হিচাপে পবিত্ৰ স্থানৰ চেকল অনুসাৰে এশ ত্ৰিশ চেকল জোখৰ ৰূপৰ এখন থাল, আৰু সত্তৰ চোকল জোখৰ ৰূপৰ এটা বাটি আনিছিল। এই দুটা পাত্ৰ ভক্ষ্য নৈবেদ্যৰ অৰ্থে তেল মিহলোৱা মিহি আটাগুড়িৰে ভৰা আছিল;
62
তেওঁ ধূপেৰে পূৰ হৈ থকা দহ চোকল জোখৰ সোণৰ এটা পিয়লাও আনিছিল।
63
হোম বলিৰ অৰ্থে তেওঁ এটা দমৰা ষাঁড়-গৰু, এটা মতা মেৰ-ছাগ
64
আৰু এটা এবছৰীয়া মেৰ পোৱালি আনিছিল আৰু পাপাৰ্থক বলিৰ কাৰণে এটা মতা ছাগলী;
65
তেওঁ মঙ্গলাৰ্থক বলিৰ কাৰণে দুটা ষাঁড়-গৰু, পাঁচটা মতা মেৰ-ছাগ, পাঁচটা মতা ছাগলী আৰু পাঁচটা এবছৰীয়া মতা মেৰ পোৱালি আনিছিল। এয়ে আছিল গিদিয়োনীয়া পুত্ৰ অবীদানৰ উপহাৰ।
66
দশম দিনা, দানৰ সন্তান সকলৰ অধ্যক্ষ অম্মীচদ্দয়ৰ পুত্ৰ অহীয়েজৰে উপহাৰ আনিলে।
67
তেওঁ উপহাৰ হিচাপে পবিত্ৰ স্থানৰ চেকল অনুসাৰে এশ ত্ৰিশ চেকল জোখ এখন ৰূপৰ থাল, আৰু সত্তৰ চেকল জোখৰ ৰূপৰ এটা বাটি আনিছিল; এই দুটা পাত্ৰ ভক্ষ্য নৈবেদ্যৰ অৰ্থে তেল মিহলোৱা মিহি আটাগুড়িৰে ভৰা আছিল।
68
তেওঁ ধূপেৰে পূৰ হোৱা দহ চোকল জোখৰ সোণৰ এটা পিয়লাও আনিছিল।
69
তেওঁ হোম বলিৰ অৰ্থে এটা দমৰা ষাঁড়-গৰু, এটা মতা মেৰ-ছাগ আৰু এটা এবছৰীয়া মতা মেৰ পোৱালি আনিছিল;
70
আৰু পাপাৰ্থক বলিৰ কাৰণে এটা মতা ছাগলী;
71
তেওঁ মঙ্গলাৰ্থক বলিৰ কাৰণে দুটা ষাঁড়-গৰু, পাঁচটা মতা মেৰ-ছাগ, পাঁচটা মতা ছাগলী আৰু পাঁচটা এবছৰীয়া মতা মেৰ পোৱালি আনিছিল। এয়ে আছিল অম্মীচদ্দয়ৰ পুত্ৰ অহীয়েজৰৰ উপহাৰ।
72
একাদশ দিনা, আচেৰৰ সন্তান সকলৰ অধ্যক্ষ আক্ৰণৰ পুত্ৰ পগীয়েলে উপহাৰ আনিলে।
73
তেওঁ উপহাৰ হিচাপে পবিত্ৰ স্থানৰ চেকল অনুসাৰে এশ ত্ৰিশ চেকল জোখ ৰূপৰ এখন থাল, আৰু সত্তৰ চেকল জোখৰ ৰূপৰ এটা বাটি আনিছিল; এই দুটা পাত্ৰ ভক্ষ্য নৈবেদ্যৰ অৰ্থে তেল মিহলোৱা মিহি আটাগুড়িৰে ভৰা আছিল।
74
তেওঁ ধূপেৰে পূৰ হৈ থকা দহ চেকল জোখ সোণৰ এটা পিয়লাও আনিছিল।
75
তেওঁ হোম অৰ্থে এটা দমৰা ষাঁড়-গৰু, এটা মতা মেৰ-ছাগ আৰু এটা এবছৰীয়া মতা মেৰ পোৱালি আনিছিল;
76
আৰু পাপাৰ্থক বলিৰ কাৰণে এটা মতা ছাগলী।
77
তেওঁ মঙ্গলাৰ্থক বলিৰ কাৰণে দুটা ষাঁড়-গৰু, পাঁচটা মতা মেৰ-ছাগ, পাঁচটা মতা ছাগলী আৰু পাঁচটা এবছৰীয়া মতা মেৰ পোৱালি আনিছিল। এয়ে আছিল আক্ৰণৰ পুত্ৰ পগীয়েলৰ উপহাৰ।
78
দ্বাদশ দিনা, নপ্তালীৰ সন্তান সকলৰ অধ্যক্ষ ঐননৰ পুত্ৰ অহীৰাই উপহাৰ আনিলে।
79
তেওঁ উপহাৰ হিচাপে পবিত্ৰ স্থানৰ চেকল অনুসাৰে এশ ত্ৰিশ চেকল জোখৰ ৰূপৰ এখন থাল, আৰু সত্তৰ চেকল জোখৰ ৰবপৰ এটা বাটি আনিছিল; এই দুটা পাত্ৰ ভৈক্ষ্য নৈবেদ্যৰ অৰ্থে তেল মিহলোৱা মিহি আটাগুড়িৰে ভৰা আছিল।
80
তেওঁ ধূপেৰে পূৰ হৈ থকা দহ চেকল জোখৰ সোণৰ এটা পিয়লাও আনিছিল।
81
তেওঁ হোম বলিৰ অৰ্থে এটা দমৰা ষাঁড়-গৰু, এটা মতা মেৰ-ছাগ আৰু এটা এবছৰীয়া মতা মেৰ পোৱালি আনিছিল;
82
আৰু পাপাৰ্থক বলিৰ কাৰণে এটা মতা ছাগলী।
83
তেওঁ মঙ্গলাৰ্থক বলিৰ কাৰণে দুটা ষাঁড়-গৰু, পাঁচটা মতা মেৰ-ছাগ, পাঁচটা মতা ছাগলী আৰু পাঁচটা এবছৰীয়া মতা মেৰ পোৱালি আনিছিল। এয়ে আছিল ঐননৰ পুত্ৰ অহীৰাৰ উপহাৰ।
84
মোচিয়ে যজ্ঞবেদী অভিষেক কৰা দিনা, তাৰ প্ৰতিষ্ঠাৰ অৰ্থে, এই সকলোবোৰ উপহাৰ ইস্ৰায়েলৰ অধ্যক্ষসকলৰ দ্বাৰাই দিয়া হ’ল; তেওঁলোকে ৰূপৰ বাৰখন থাল, ৰূপৰ বাৰটা বাটি আৰু সোণৰ বাৰটা পিয়লা দান কৰিছিল।
85
তাৰে প্ৰতিখন থাল এশ ত্ৰিশ চেকল জোখৰ ৰূপৰ আৰু প্ৰত্যেক বাটি সত্তৰ চেকল জোখৰ ৰূপৰ আছিল; সৰ্ব্বমুঠ এই সকলো পাত্ৰৰ ৰূপ পবিত্ৰ স্থানৰ চেকল অনুসাৰে দুই হাজাৰ চাৰিশ চেকল আছিল;
86
প্ৰত্যেকখন ধূপেৰে পূৰ হোৱা সোণৰ বাৰটা পিয়লা পবিত্ৰ স্থানৰ চেকল অনুসাৰে দহ চেকল জোখৰ সোণৰ আছিল; আটাই কেইটা পিয়লাৰ সোণ সৰ্ব্বমুঠ এশ বিশ চেকল আছিল।
87
তেওঁলোকে হোম বলিৰ অৰ্থে সৰ্ব্বমুঠ বাৰটা দমৰা ষাঁড়-গৰু, বাৰটা মতা মেৰ-ছাগ, বাৰটা এবছৰীয়া মতা মেৰ পোৱালি, আৰু এইবোৰৰ সৈতে ভক্ষ্য নৈবেদ্য আৰু পাপাৰ্থক বলিৰ কাৰণে বাৰটা মতা ছাগলী দান কৰিছিল।
88
তেওঁলোকৰ পোহনীয়া জন্তুৰ জাকৰ পৰা তেওঁলোকে মঙ্গলাৰ্থক বলিৰ কাৰণে সৰ্ব্বমুঠ চব্বিশটা ষাঁড়-গৰু, ষাঠিটা মতা মেৰ-ছাগ, ষাঠিটা মতা ছাগলী আৰু ষাঠিটা এবছৰীয়া মতা মেৰ পোৱালি দান কৰিছিল। যজ্ঞবেদী অভিষেক কৰাৰ পাছত, তাৰ প্ৰতিষ্ঠা কৰাৰ উপহাৰ এইবোৰ।
89
পাছত যেতিয়া মোচিয়ে যিহোৱাৰ সৈতে কথা-বতৰা কৰিবলৈ সাক্ষাৎ কৰা তম্বুৰ ভিতৰলৈ সোমাল, তেতিয়া তেওঁ ঈশ্বৰৰ বাক্যৰ শব্দ সেই সাক্ষ্য-ফলিৰ চন্দুকৰ ওপৰত থকা পাপাবৰণৰ পৰা, কৰূব দুটাৰ মাজৰ পৰা তেওঁক কোৱা শুনিলে। এইদৰে তেওঁ মোচিক কথা ক’লে।
← Chapter 6
Jump to:
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 8 →
All chapters:
1
2
3
4
5
6
7
8
9
10
11
12
13
14
15
16
17
18
19
20
21
22
23
24
25
26
27
28
29
30
31
32
33
34
35
36